parukparwal

Parvati Prasad Baruva (English) [ IPA: Parvati Prasad Baruva ASM: পাৰ্বতি প্ৰসাদ বৰুৱা]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-08-19
1. PersonalitiesMusic(Proper Noun-Masculine) Parvati Prasad Baruva was born on August 19, 1904 near the banks of the Dikhow River in Sibsagar, Assam. He received his early education at Phuleswari School. His interest in the arts, music and drama were also nurtured during his childhood. At the age of ten, he played the part of Joymoti, in a play staged by the local theater group. He did this for several years and received lots of prizes for his performance. After matriculation in 1921, Parvati Prasad did his Intermediate in Science from Cotton College, Guwahati. During this period, he became very interested in the songs of Nobel laureate Kabiguru Rabindra Nath Tagore. Parvati Prasad began his career at his maternal uncle’s Sarusarai T.E. as an apprentice. He continued his pursuit of music and drama along with his career. During this period, he composed two dance dramas, ‘Lakhimi’ and ‘Sonar Soleng.’ In 1940, he produced, directed and acted in the 4th Assamese movie, Rupohi. During his lifetime, Parvati Prasad published three books of his songs. They are the following: Gungunani, Luiti, Sukula Dawor Oi Kohuwa Phul. After his death, two more previously unpublished works were included in the Parvati Prasad Baruva Rasanawali. অসমীয়া গীত-কবিতাৰ স্ৰষ্টা পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্ম হয় ১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে শিৱসাগৰ জিলাত৷ ১৯২১ চনত কটন কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ সময়তে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতৰ প্ৰতি আকৰ্ষিত হয় আৰু তাৰ পিছতে তেওঁৰ মনত সংগীত সাধনাৰ সপোনটোৱে পোখা মেলে৷ ইয়াৰ পিছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু সেই সময়তে শিৱসাগৰৰ নাট্যমঞ্চত সঙ্গীত পৰিবেশনৰ পাতনি মেলে৷ পিছলৈ বাগিচাৰ কামত কৰ্মজীৱন আৰম্ভ কৰে৷ এই সময়তে তেওঁ নৃত্যনাটিকা ‘লখিমী’ আৰু গীতি-নাটিকা ‘সোণৰ সোলেং’ ৰচনা কৰে৷ অসমীয়া সংগীত-সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্বতি প্ৰসাদে ৰচিছিল ‘গুণগুণনি’, ‘লুইতী’, ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল’ আদি গীতৰ পুথি৷ গীত ৰচনাৰ উপৰিও ১৯৪০ চনত চতুৰ্থখন অসমীয়া কথাছবি ‘ৰূপহী’ নিৰ্মাণ কৰে৷ ১৯৬৪ চনত দুবাৰকৈ ৰক্তচাপত ভোগাৰ ফলত তেওঁ ৭ জুনৰ দিনা ইহলীলা সম্বৰণ কৰে৷